লেছেৰি

থ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “থ”

 ❂ সাঁথৰঃ
থুপুক থাপাক চাৰি, অমৃত বৰষে চাৰি,
দুই ভাই বিচনী, এক ভাই নাচনী৷
উত্তৰ‌: গাইগৰু

❂ ডাকৰ বচনঃ
* কথাত ৰস পায় যদি ক’ব জানে।
  কৃষিত ৰস পায় যদি নামাৰে বানে॥
* প্ৰথমে ঘৰে উপবাস কৰি।
  তীৰ্থ যাত্ৰা কৰি যাইবেক লড়ি॥
* যথাত কলা কপাহৰ বাৰী। 
  তথাত সুভিয়া সকল নাৰী॥

❂ মহৎ লোকৰ বাণীঃ
* পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সু-নাম নষ্ট কৰা।
          - ৰামকৃষ্ণ পৰমহংস
* পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায়।
           - সত্যনাথ বৰা
* পুথি অধ্যয়নৰ যোগেদি দূৰৰ মাণিক হাততে পোৱা যায়৷
           - সত্যনাথ বৰা