লেছেৰি

হ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “হ”

❂ অসমীয়া সাঁথৰঃ
* হাবিৰ পৰা ওলাল বাঘিনী 
   চাৰিঠেং মেলি হ’ল গাভিনী।
উত্তৰ: আঁঠুৱা
* হাবিত কাঁহে
   ওলাই নাহে৷
উত্তৰ: কুঠাৰ
* সাহটো পেলাই বাকলিটো খায়,
   সেইটোনো কি ফল কোৱাচোন ভাই।
উত্তৰ: ঔ টেঙা
* বাঁহ খায়, কাঠ খায়
   পানী পালে মৰি যায়৷
উত্তৰ: জুই
* পোহৰেই পিতৃ যাৰ এন্ধাৰেই যম
   ভাবি-চিন্তি কোৱাচোন তেওঁ বাৰু কোন
উত্তৰ: ছাঁ
* আহিছ আহ ,যাৱ কেলেই ,
   গৈছ যা , আহ কেলেই
উত্তৰ: কেচুঁৱাৰ দাঁত

❂ ডাকৰ বচনঃ
* পৰিহৰ পুখুৰীৰ পিছলা ঘাট৷
   পৰিহৰ কৃষি মধ্যে হ’ল যদি বাট॥

❂ মহৎ লোকৰ বাণীঃ
* মানুহৰ চকুৰ আগত যেতিয়ালৈকে এক বা একাধিক বিকল্প সম্ভাৱনাৰ পথ মুকলি হৈ থাকে, তেতিয়ালৈকে মানুহে আশা হেৰুৱাই নেপেলায়।
          - হোমেন বৰগোহাঞি
* মানুহে যিমানেই পঢ়িবলৈ শিকে সিমানেই ভাবিবলৈ শিকে।
            - জৱাহৰলাল নেহৰু
* মানুহৰ ভুল ভ্ৰান্তিৰ পৰাহে চৰিত্ৰ জানিব পাৰি৷
             - কনফুচিয়াছ

ধন্যবাদ!
✾✾ ✾✾
সমলটোত ব্যৱহৃত ছবি আৰু তথ্যসমূহ ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।
✾✾ ✾✾