❂ সাঁথৰঃ
* ডেকাত বেঁকা, বুঢ়াত পোন,
তাক নাখাই আছে কোন?
উত্তৰ: ঢেকীয়া
* ডুবিয়াই যায়, ডুবিয়াই যায়
বগা নাড়ীডাল উলিয়াই যায়
উত্তৰ: বেজী
❂ ফকৰা যোজনাঃ
* ডুব যোৱা বেলি
কোনেও নুপুজে হাত মেলি
* ডেকাকালৰ ল’ৰা কান্ধৰ লয় ভাৰ,
বুঢ়াকালৰ ল’ৰা চুমাচুমিয়েই সাৰ
❂ ডাকৰ বচনঃ
* ডাকে বোলে কেন ধৰণী চহ৷
কঠিয়া নাঙ্গল নষ্ট কৰহ॥
* ডাকে বোলে জানা সেহিসে সাৰ।
আপুনি মৰিলে কিকৰে আৰ॥
* ডাকে বোলে আগে নিয়াই সাজ।
ন্যায়ত হাৰিলে অধিক লাজ॥
* ডাকে বোলে বঢ়া টুটা নমাতি।
লগত ফুৰিব দিনে ৰাতি॥
* ডাকৰ কথা সদায়ে আচৰা।
হৰি হৰি বুলি সংসাৰে তৰা॥
* ডাকে বোলে বাপু শুনা উপাই।
বাণিজ্যৰ ফল কৃষিতে পাই॥
* ডাকৰ বচন বেদৰ বাণী।
পো লগা তিৰী ঘৰলৈ নানি॥
❂ মহৎ লোকৰ বাণীঃ
* ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে।
- উইলিয়াম শ্বেইকছপীয়েৰ
* স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷
- লক্ষ্মীনাথ বেজবৰুৱা
* ডাঙৰ ডাঙৰ সপোন কিছুমানৰ ছায়াতেই সকলোৱে জীৱনটো আৰম্ভ কৰে।
- মৌচুমী কন্দলী