লেছেৰি

চ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “চ”

 ❂ সাঁথৰঃ
* চুই চা চুই চা,
  চুই দিলে পইছা
উত্তৰ: কেৰেলুৱা
* চৰাই নহয় কিন্তু আকাশত থাকে,
  ডাৱৰ নহয় কিন্ত পানী ধৰি ৰাখে
উত্তৰ: নাৰিকল
* চকু মুদিলে দেখা পায়, মেলিলে নেদেখে
  কোৱা এনে কি বস্তু আছে ভূমণ্ডলে
উত্তৰ: সপোন

❂ ফকৰা যোজনাঃ
* চাপৰি যোৱাকে কুঁজা বোলে
লাখুটি লোৱাকে বুঢ়া বোলে
* চৰাইটি দেখাতহে সৰু
সাজে হোলোং গছত বাহ
* চোৰকো মোৰে পায়
লোহাকো মামৰে খায়
* চৰুৰ মাছ ভাঙিলেও
চৰুতে থাকে

❂ ডাকৰ বচনঃ
* চাউল দিবা যেতেক তেতেক। 
  পানী দিবা তিনি তেতেক॥
* চোৰে ভাল নেদেখে চন্দ্ৰৰ জ্যোতি।
  দুষ্টা স্ত্ৰীৰ নাই পুত্ৰত ৰতি॥
* চকুত পানী নাইত তেল।
  বোলন্ত ডাকে সিদ্ধৰ মেল॥
* চিত জেৰোৱা চলি কাটি।
  তেবে দেখিবা জুইৰ কান্তি॥
* চন্দ্ৰনেত্ৰে পাইব বান।
  যমৰ পুৰৰ বাহুৰি আন॥

❂ মহৎ লোকৰ বাণীঃ
* চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি, নিজৰ দোষ ত্রুটিবােৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ।
                    - মহাত্মা গান্ধী
* চিন্তা হ’ল আত্মাই নিজৰ সৈতে পতা কথা-বতৰা।
             - প্লেটো
* চৰিত্ৰবান লোকৰ পক্ষে পৃথিৱীত অসাধ্য একো নাই।
           - চাণক্য