❂ অসমীয়া সাঁথৰঃ
* ক্ষয় নাই লয় নাই আৰু নাই যতি
ইনো কি মহাধন দিলেও নাযায় টুটি
উত্তৰ: বিদ্যাধন
❂ ডাকৰ বচনঃ
* বৃক্ষ ৰোপণত অধিক ধৰ্ম্ম।
মঠ মণ্ডপ গুৰুতৰ কৰ্ম্ম॥
* সাক্ষী মুখে কথা কৰাই বাজ৷
যদি ধৰ্ম্ম কৰি সোধন্ত ৰাজ॥
* সাক্ষী মুখে কথা কৰাই বাজ৷
যদি ধৰ্ম্ম কৰি সোধন্ত ৰাজ॥
❂ মহৎ লোকৰ বাণীঃ
* শিক্ষা হৈছে সকলোতকৈ শক্তিশালী অস্ত্ৰ, যাৰ মাধ্যমত পৃথিৱী সলনি কৰিব পাৰি।
- নেলছন মেণ্ডেলা
* ক্ষমা এজন বন্ধুক কৰাতকৈ এজন শত্ৰুক অধিক সহজতে কৰিব পাৰি।
- উইলিয়াম ব্ৰেক
* শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।
- ৰাজা ৰামমোহন ৰায়