❂ সাঁথৰঃ
* এঠেঙীয়া বগলী
নিতৌ নাচে গধূলি
উত্তৰ: বিচনী
* তোৰো আছে মোৰো আছে,
তোৰো নাই মোৰো নাই
উত্তৰ : নাভি
❂ ফকৰা যোজনাঃ
* ঠাই চাই কৰিবা বসতি
আধা অন্য আধা জ্ঞাতি
* ঠাই দিয়াৰ গুণ,
তপ্তপনি শুন
❂ ডাকৰ বচনঃ
* জেঠ মাস গৈল বিনা নাঙ্গলে৷
তাহাৰ কিমতে কিৰিষি ফলে॥
* উঠঙ্গা কপাল বকতা স্ত্ৰী৷
একো কালে তাইৰ নাহিকে শ্ৰী॥
* ষাঠি বছৰত বোলে আই৷
আহাৰ শাওণত দোহে গাই॥
* আঠীয়াত গােবৰ মনােহৰত জাবৰ।
পুৰাত খাই মালভােগত ছাই॥
❂ মহৎ লোকৰ বাণীঃ
* জাৱৰ সাৰিলে ঠাই যিদৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়।
- হেম বৰুৱা
* বস্তু হিচাপে বাস্তৱত কিবা পোৱাৰ আগেয়ে তাক আমি কল্পনাত প্ৰথমে পাব লাগিব।
- এলবাৰ্ট আইনষ্টাইন
* কৰ্ম হৈছে চিন্তাৰ কলি। আনন্দ আৰু যাতনা ইয়াৰ ফল।
- জেমছ এলেন