❂ সাঁথৰঃ
* ছয় চৰণ, কৃষ্ণ বৰণ,
আধা চিঙিলেও নাই মৰণ।
উত্তৰ: পৰুৱা
* ছিৰলা-ছিৰলী পাত, তাতো নাখায় ভাত
সূৰুয মুখে যাব লাগে ডেৰ পৰৰ বাট
উত্তৰ: তামোল গছ
* ছালখন শুদ্ধ বগা, পেটটো ক’লা
এইটোনো কি মোহনভোগ খাবলৈ দিলা
উত্তৰ : তিলপিঠা
❂ ফকৰা যোজনাঃ
* ছয় পো বাৰ নাতি
তেহে কৰিবা কুঁহিয়াৰ খেতি
* ছাঁত ধান দিয়া,
বা-ত কপাহ দিয়া
* ছকুৰি ৰূপৰ ধাৰ,
তেও নাখায় পচলাৰ খাৰ
❂ ডাকৰ বচনঃ
* ছয়ে চোটা চাৰিয়ে মোটা৷
বিচাৰি কিনিবা বলদ গোটা॥
* ছয় দন্তক ভাগ্যেসে পায়৷
সাত দন্তীক দেখি পলাই॥
* ছাইত পড়িলে ঘৃত হয় নষ্ট।
দন্তহীন হৈলে গঢ় হোৱে ভ্ৰষ্ট॥
❂ মহৎ লোকৰ বাণীঃ
* ছাত্ৰশক্তি যদিও প্ৰৱল শক্তি, সি সংযত হ’লেহে দেশহিতকৰ হয়, নতুবা সি অনৰ্থ উৎপাদন কৰে।
- লক্ষ্মীনাথ বেজবৰুৱা
* ছাত্ৰ অৱস্থাত জাতীয়তাৰ দ্বাৰা অনুপ্রাণিত হ’ব
নােৱাৰিলে ছাত্র জীৱন ব্যর্থ।
- তৰুণৰাম ফুকন
* ছাত্ৰ-ছাত্ৰীক জ্ঞান বিলোৱাই শিক্ষকৰ একমাত্ৰ কাম নহয়, কল্যাণমূলক কৰ্মৰ বাবেও তেওঁলোকক উৎসাহিত কৰিব লাগে।
- সৰ্বেপল্লী ৰাধাকৃষ্ণণ
* কিছু সময় ধৈৰ্য্য ধৰা, নিন্দা কেতিয়াও দীৰ্ঘস্থায়ী নহয়।
- ইমানুৱেল