❂ সাঁথৰঃ
* জলত জন্ম স্থলত বাস,
মাকে চুলে হয় সৰ্বনাশ?
উত্তৰ: নিমখ
* জলতো নাই স্থলতো নাই
পিতাই আনিলে ক’ৰবাত পাই
ইয়াতে থৈছিলোঁ ইয়াতে নাই
উত্তৰ: বৰফ
* জগত পালক চা, মাজৰটো নকওঁ যা
শেষৰটো ল, উত্তৰটো ক
উত্তৰ: চাউল
* জুইত ফুটে, পানীত মৰে
সেইটো বস্তু মানুহৰ ঘৰে ঘৰে৷
উত্তৰ: নিমখ
❂ ফকৰা যোজনাঃ
* জনাৰ মাছ ভাত
নজনাৰ গলগ্ৰহ
* জোনাকত হেৰুৱাই
এন্ধাৰত খেপিওৱা
* জ্বলাওঁতে জ্বলাওঁতে কেঁচা খৰিও জ্বলে
লগাঁৱতে লগাঁৱতে মহামিত্ৰ জনো ভাঙে
* জুই শালত গঢ়িলেহে
কমাৰ শালত গঢ়িব পাৰি
❂ ডাকৰ বচনঃ
* জালুক পীপলি আদা খায়৷
ডাকে বোলে তাৰ কাঁহ পলায়॥
* জাপি লাঠি টনা৷
ইয়াক এৰিলে দিনতে কণা॥
* জুইক দৃষ্টি সূৰ্য্যক পিঠি।
মাহক খুতি কৰাইক মুঠি॥
❂ মহৎ লোকৰ বাণীঃ
* জীৱনটো এখন সংগ্ৰামৰ থলী। সাহসী আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়লাভ কৰিব পাৰে।
- নেপোলিয়ন বোনাপাৰ্ট
* জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত।
- লক্ষ্মীনাথ বেজবৰুৱা
* জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷
- নেপোলিয়ন বোনাপাৰ্ট
* জীৱন হৈছে প্ৰথম উপহাৰ, প্ৰেম হৈছে দ্বিতীয় উপহাৰ আৰু তৃতীয়টো উপহাৰ হ’ল- বুজি পোৱা৷
- মাৰ্জ পিয়েৰ্চী