❂ সাঁথৰঃ
* টুপ টুপ টুপলি
পানী পালে মুকলি
উত্তৰ: খেৱালি জাল
* টাং টঙালি টঙনা
একেডালি বৃক্ষতে
মাহ কপাহ বেঙেনা
উত্তৰ: শিমলু গছ
* টি টিকৈ টিয়াঁ, ককালটি চিঞা
হনুমন্ত ভাই, মানুহ খেদি খায়
উত্তৰ: বৰল
* টিলিকি নাদৰ পানী খায়
উলুৱনিত খপজপায়
উত্তৰ : খুৰ
❂ ডাকৰ বচনঃ
* টিক বলধে ওলায় মাটি৷
মাক ভালেহে জীয়েক জাতি॥
* টোপনী চিকুণ পুৱা৷
কটাৰী চিকুণ গুৱা॥
* টুলুঙা নাৱৰ ওপৰে ভৰা।
বোলন্ত ডাকে তিনিও মৰা॥
* টকা নেজা ঠুটৰী চুটি।
সেইটো জানিবা গৰিয়া গুটি।
❂ মহৎ লোকৰ বাণীঃ
* টান কাম সহজ হৈ থাকোঁতেই আৰু ডাঙৰ কাম সৰু হৈ থাকোঁতেই আৰম্ভ কৰিবা।
- লাও চে
* এটোপাল চিয়াহীয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে।
- বাইৰন
* এটা সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনাই জীৱনটোক আকৰ্ষণীয় কৰি তোলে।
- পাওলো কোৱেলহো