লেছেৰি

ক - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “ক”

 ❂ অসমীয়া সাঁথৰঃ
* কেঁচাতে লুপথুপ
   পকিলে টান
উঃ পথাৰৰ আলি
* কিঙ্কৰৰ কেশ
   হুল যেন চকু দুটা,
   নাঙলৰ বেশ
উত্তৰ: মিছা মাছ
* ক আইটী তপৰাই
   কাটি নিলে বাঢ়ি যায়
উত্তৰ: সূতা
* ক'লৈ যোৱা
   মোক মাৰি থৈ যোৱা
উত্তৰ: দুৱাৰ
* কলিংগৰ লিংগ কাটি, পাঠাৰ কাটি পা
   লবংগৰ বংগ কাটি, মজা কৰি খা
উত্তৰ: কঁঠাল
কোনে বাৰু বহি নাকত,
তিলিকতে আহি ধৰে কাণত
উত্তৰ: চছমা

❂ ফকৰা যোজনাঃ
* কঁকালতে কাঁচি
   বুঢ়ী ফুৰে নাচি
* কাকনো বুলিবা ককা
   সকলোৰে দাঢ়ি-চুলি পকা

কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ,
মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান

❂ ডাকৰ বচনঃ
* কলিৰ লোকত নাথাকিব চিন৷
   অন্তৰত এক, কাজে ভিন ভিন॥
* কিৰিষি কৰিবা একান্ত মনে।
   নফলে কিৰিষি বিনা যতনে॥

❂ মহৎ লোকৰ বাণীঃ
* কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে।
              - হোমাৰ
* কৰ্তব্যজ্ঞানে লোকক উদাৰ-মহৎ কৰে, এলাহে অধম-নীচ কৰে।
           - সত্যনাথ বৰা
* কু-সংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
          - সৰ্বেপল্লী ৰাধাকৃষ্ণণ
* কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা।
         - বুদ্ধদেৱ
* কিতাপ হৈছে এনে এক উপায়, যাৰ সহায়ত আমি বিভিন্ন সংস্কৃতিৰ মাজত সাঁকো নিৰ্মাণ কৰিব পাৰোঁ‌।
           - সৰ্বেপল্লী ৰাধাকৃষ্ণণ
* কাম কৰা মানেই জীৱনৰ এটা উদ্দেশ্য থকা। উদ্দেশ্যহীন জীৱন অতিশয় যন্ত্ৰণাদায়ক।
           - হোমেন বৰগোহাঞি