লেছেৰি

ণ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “ণ”

 ❂ অসমীয়া সাঁথৰঃ
* চূণ চাধা তামোল পাণ 
   কোন পতি-পত্নীৰ বাইছখন কাণ
উত্তৰ: ৰাৱণ, মন্দোদৰী
* অকণমান পানীত বগলীটো চৰে
   পানীখিনি শুকাই গ’লে বগলীটো মৰে
উত্তৰ: চাকি
* গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়
   লগুণ আছে কিন্তু বামুণ নহয়
উত্তৰ: যঁতৰ
* গুণ গুণ কৰে ভোমোৰা নহয়
   ডিঙিত লগুণ পিন্ধে বামুণ নহয়
উত্তৰ: যঁতৰ

❁ ফকৰা যোজনা
গুণীয়েহে জানে গুণীৰ মান,
কাঠৰ থোৰাই কি জানে,
নিতৌ খুন্দি মৰে ধান

❂ ডাকৰ বচনঃ
* হৰিণৰ সমান জিহ্বা কাণ।
   হেন বলদ বিচাৰি আন॥
* ব্ৰাহ্মণৰ পিতৃ দেৱ অৰ্চ্চন।
   ক্ষেত্ৰিয় সবৰ প্ৰজা পালন॥
* ঋণৰ সাক্ষী যদি নাহিকন্ত।
   পৰীক্ষণ কৰি তত্ত্ব বুঝিবন্ত॥
* স্বৰ্ণ দন্ত পাতল ওঠ।
   তাইৰ দেখিয়া দন্দৰ ছোট॥
* শৰণ লাগিলে নাসাজিব ঘৰ।
   অগ্নিৰ যত ধানত খৰ॥

❂ মহৎ লোকৰ বাণীঃ
* দেশৰ দৰিদ্ৰতা, অজ্ঞানতা গুচাবৰ বাবে প্ৰধান উপায় হ’ল শিক্ষা৷
          - আনন্দ চন্দ্ৰ আগৰৱালা
* আমাৰ জীৱনৰ অন্ধকাৰ মূহুৰ্তবোৰত আমি পোহৰৰ দিশে দৃষ্টি নিক্ষেপ কৰা উচিত।
           - এৰিষ্ট'টল
* মানুহেহে সত্যক মহান কৰে, সত্যই মানুহক মহান নকৰে৷
             - কনফুচিয়াছ