❂ অসমীয়া সাঁথৰঃ
* খাল বিল শুকাই গ'ল,
গছৰ আগত পানী ৰ'ল
উত্তৰ: নাৰিকল
* খায় গুটি, বাকলি নাই৷
আছে গুটি, দেশত নাই৷
উত্তৰ: শিলাবৃষ্টিৰ শিল
* খায় মূঢ়া মূঢ়ি
হাগে চূণ গুড়ি
উত্তৰ: জুই
❂ ডাকৰ বচনঃ
* খোৰাই কুঁজাই দেখে যেবে৷
জলত পড়ি মৰিব তেবে॥
* খলুৱায়ো নেৰে খল৷
উদফাই ৰোগত নাথাকে বল॥
* খেৰো পীড়া কটা পত্ৰ।
মুখ চাই ৰান্ধনী হাঁহে মাত্ৰ॥
* খাটিব নৃপতিৰ পাশ।
বেহা কৰিব লোকৰ শাস॥
❂ মহৎ লোকৰ বাণীঃ
* খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু।
- মহাত্মা গান্ধী
* খং হৈছে এবিধ বিষ, যি মানুহৰ মৃত্যুও ঘটাব পাৰে।
- ছেইণ্ট আগষ্টাইন
* খেতিয়কেই হৈছে সভ্যতা আৰু উন্নতিৰ প্ৰতিষ্ঠাতা।
- ডেনিয়েল ৱেষ্ট
* খঙক দমাবা; তেতিয়া ক্ষমাই তোমাৰ হৃদয়ত ঠাই লব।
- কনফুচিয়াচ
* খন্তেক সময়ো ক্ষান্ত হৈ থাকিব নোৱাৰা জনক প্ৰকৃত অৰ্থত সভ্য মানুহ বুলিব নোৱাৰি৷
- উইল ডুৰাণ্ট