❂ অসমীয়া সাঁথৰঃ
* তিনি আখৰে মোৰ নাম
সকলোৱে খায়,
এটা আখৰ এৰি দিলে
ফাটেকলৈ যায়।
উত্তৰ: মচুৰ
* তিনি চৰাইৰ তিনি ৰং
বাহত সোমালে একে ৰং
উত্তৰ: তামোল, পাণ, চূণ
* তাক্ ধিনা ধিন্ তাও
দোষ নকৰাকৈ মাৰ খাওঁ
উত্তৰ: তবলা
* তই ক’লে নালাগে,
মই ক’লে লাগে
উত্তৰ: ওঁঠ
❂ ডাকৰ বচনঃ
* তিনিশ ষাঠী জোপা ৰুবা কল
মাহেকে পষেকে চিকুনাবা তল।
* তালজুৰিয়া বাৱে হাল।
ভাতে নাতে সৰ্ব্বতি কাল॥
❂ মহৎ লোকৰ বাণীঃ
* তাৰ্কিক ব্যক্তিতকৈ আমনিদায়ক আন একো নাই।
- ৰবীন্দ্ৰনাথ ঠাকুৰ
* তুমি যিমানেই মূল্যবান হ’বা, সিমানেই সমালোচনাৰ সন্মুখীন হ’বা।
- নেলছন মেণ্ডেলা
* তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই।
- নেপোলিয়ন বোনাপাৰ্ট
* তিৰস্কাৰ কৰিলেও ক্ৰোধিত নহ'বা কাৰণ তিৰস্কাৰ কৰা জনৰ কথাৰ মাজত সত্যতাও থাকিব পাৰে।
- গৌতম বুদ্ধ
* তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা৷
- কনফুচিয়াছ