লেছেৰি

ৱ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “ৱ”

 ❂ অসমীয়া সাঁথৰঃ
* পাৱ পৃষ্ঠ মাথাটো
   দুহাত কুৰি আঙুল নাকটো
   চকু কাণ মুখ নাই
   সেই বস্তুটো ক’ত পায়
উত্তৰ: মানুহ
* ধোঁৱাৰ নিচিনা গাৰ বৰণ
   অহা-যোৱা চোৰৰ ধৰণ
   খচ্‌খচকৈ আহে যায়
   পৰৰ আৰ্জন পৰে খায়
উত্তৰ: এন্দুৰ
‌* উলুৱনিৰ বাম,
   তাৰে চাৰিজুপি আম,
   পকিলেও নসৰে৷
উত্তৰ: ওহাৰ

❂ ডাকৰ বচনঃ
* গাঁৱৰ বলদ নিকটৰ ভুঁই।
   ইহাক নেৰিবা জানন্তা হুই॥

❂ মহৎ লোকৰ বাণীঃ
* পৃথিৱীৰ আটাইতকৈ বেয়া কাম হৈছে আনৰ সুনাম নষ্ট কৰা।
       - ৰামকৃষ্ণ পৰমহংস
* কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে; জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে, ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।
          - বিষ্ণু প্ৰসাদ ৰাভা

❂ ফকৰা-যোজনা:
হেৰুৱা মাণিক ঘূৰাই পোৱা
* কোৱাই কা নকৰা, জিলিয়ে জা নকৰা
* কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি
পছোৱা বতাহে দুৱাৰ মেলে,
বৰলাৰ গাত জগৰ লাগে
অভাৱত স্বভাৱ নষ্ট

✾✾ ✾✾
ধন্যবাদ!
✾✾ ✾✾