লেছেৰি

ড় - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “ড়”

 ❂ সাঁথৰঃ
* বড় সাপ যায়
   চিন চাব নাই
উত্তৰ: নাও

❂ ফকৰা-যোজনাঃ
* হাড়ত বন গজা
* হাড় নাইকিয়া জিভা, কয় কিবা কিবা

❂ ডাকৰ বচনঃ
* বড় ঘৰ বড় বাৰী নকৰ৷
   এখানি নিজাপি দুখানি কৰ॥

❂ মহৎ লোকৰ বাণীঃ
* জীৱনটোও এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ্য বাধা আছে কাৰণেই সি ৰোমাঞ্চকৰ।
         - হোমেন বৰগোহাঞি
* যি শিক্ষাৰ মূলত জাতীয়তা নাই, সেই শিক্ষা মনুষ্যত্বৰ পূৰ্ণ বিকাশৰ উপযোগী কেতিয়াও হ’ব নোৱাৰে।
          - তৰুণৰাম ফুকন
* গড় বান্ধি যুঁজিলে ৰথী
   বিনা গড়ে যুঁজিলে মহাৰথী।
           - মাধৱদেৱ