লেছেৰি

আ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী "আ"

❂ অসমীয়া সাঁথৰঃ
আই ঐ দেহী জহৰ মহৰ
কি পোকৰ টিকাত পোহৰ
উত্তৰ: জোনাকী পৰুৱা

আগ তিতা গুৰি মৌ
কি কৰিছা ভাবুলী বৌ
উত্তৰ: কুঁহিয়াৰ

আই বুলিলে নালাগে,
বোপাই বুলিলে লাগে,
উত্তৰ: ওঁঠ

❂ ফকৰা যোজনাঃ
আইৰ সমান হ’ব কোন,
নৈৰ সমান ব’ব কোন

আনলৈ হুল পুতি নিজে মৰে ফুটি

❂ ডাকৰ বচনঃ
আদাৰে ভোজন, শিলিখাৰে শুদ্ধি।
তেবেসে লভিবা আয়ুস বৃদ্ধি॥

❂ মহৎ লোকৰ বাণীঃ
* আনক সমালোচনা কৰাৰ আগতে নিজক সমালোচনা কৰা উচিত।
              - ছক্ৰেটিছ
* আনৰ বন্ধুত্ব লাভ কৰাৰ একমাত্ৰ উপায় হ'ল নিজে তেওঁৰ বন্ধু হোৱা।
             - এমাৰছন