❂ অসমীয়া সাঁথৰঃ
ইফালেও ঢাপ, সিফালেও ঢাপ
মাজেদি সৰকে কাৰ্শলা সাপ
উত্তৰ: মাকো
ইয়াত মাৰিলো টিপা
গড়গাঁও পালেগৈ শিপা
উত্তৰ: ভুমিকম্প
ইহে সিহে,
পিঠিৰে দৌৰে কিহে
উত্তৰ : নাও
❂ ডাকৰ বচনঃ
ইলিহি মাছক চিৰকুটিয়া।
ত্ৰিকটু দিয়া তৈলে ভাজিয়া॥
❂ মহৎ লোকৰ বাণীঃ
* মই অকলে পৃথিৱীখন সলাব নোৱাৰোঁ, কিন্তু পানীত এটা শিলগুটি দলিয়াই বহুতো তৰঙ্গৰ সৃষ্টি কৰিব পাৰোঁ।
- মাদাৰ টেৰেছা
* আইন অতি উদাৰ হ'লে লোকে তাক নামানে আৰু অতি কঠোৰ হ'লে কাচিৎহে তাৰ প্ৰয়োগ হয়।
- বেঞ্জামিন ফ্ৰেংকলিন
* ইটাই ইটাই লাগিলে জুই জ্বলে; বোকাই বোকাই মিলি যায়৷
- কবীৰ