❂ ফকৰা যোজনা
ঈশ্বৰে কৰিলে লীলা, মনিচে কৰিলে কিলা
❂ অসমীয়া সাঁথৰঃ
হাতীৰ দাঁত
কদমৰ পাত
উত্তৰ: মূলা
ঈশ্বৰে সৰজা হ’লে দোষ-গুণ চায়
মনিছে সৰজা বুলি
বিনাদোষত মাৰবোৰ খায়৷
উত্তৰ: ঢেঁকী
❂ ডাকৰ বচনঃ
শীত সৰিয়হ মিত মাহ।
শৰণত নাকাটি বেত বাঁহ॥
❂ মহৎ লোকৰ বাণীঃ
জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্রেষ্ঠ উপহাৰ, যিবোৰৰ পৰা আমি শিকিব পাৰোঁ।
- গৌতম বুদ্ধ
ঈশ্বৰ মন্দিৰ অৰণ্য গুহা ক’তো নাই, ঈশ্বৰ আছে মানুহৰ অন্তৰত৷
- তুলসীদাস