লেছেৰি

উ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী "উ"

 ❂ অসমীয়া সাঁথৰঃ
উৰি যায় কুৰুৱা, ৰাখি যায় চিন
সোণৰ ছত্ৰ, ৰূপৰ ডিল
উত্তৰ : কলডিল

উপি উপি উপি
বাটত আছে চুপি
উত্তৰ : জোক

উলুৱনিৰ বাম,
পকিলেও নসৰে, তাৰে চাৰিজুপি আম
উত্তৰ : ওহাৰ

❂ ফকৰা যোজনাঃ
উত্তম লোকে কৰে যদি গৰিহিত কৰ্ম
পাচৰ লোকে তাক মানিবেক ধৰ্ম

উজত নাপাই কুঁজত কিলায়,
ঘোঁৰাক নাপই ঘাঁহীক কিলায়

❂ ডাকৰ বচনঃ
উশাস দীৰ্ঘে দিবা ফুই।
তেহে চাবা জুইৰ মুই॥

❂ মহৎ লোকৰ বাণীঃ
* উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যত যদি শিথিলতা নাথাকে, ব্যৰ্থতা কেতিয়াও আহিব নোৱাৰে।
            - ৰবীন্দ্ৰনাথ ঠাকুৰ

* আজৰি সময় কটোৱাৰ বিবিধ উপায়ৰ ভিতৰত এটা অতি উত্তম উপায় হ’ল কিতাপ পঢ়া৷
         - মাৰ্কাছ টুলিয়াছ চিচেৰো
* ক্ষুধাৰ দৰে জুই নাই, ঘৃণাৰ দৰে খামোচ মাৰি ধৰা বস্তু নাই।
           - গৌতম বুদ্ধ