লেছেৰি

ঊ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী "ঊ"

❂ অসমীয়া সাঁথৰঃ
মূৰত ছাতি, মুখত লাৰু
গোটেই গাতে গাম খাৰু
উত্তৰ: তামোল গছ

❂ ডাকৰ বচনঃ
ভূমিক চহিবা ডাকে বোলয়।
বীজ পাব শালী বহুত হয়॥

পূবে গাজিলে জানিবা খৰ।
পশ্চিমে গাজিলে মাৰিবা লৰ॥

❂ ফকৰা যোজনাঃ
ঊনা ভাতে দুনা বল
অধিক ভাতে ৰসাতল

❂ মহৎ লোকৰ বাণীঃ
* মূৰ দোঁৱাব জনাজনৰ মূৰ কেতিয়াও কটা নাযায়।
            - লাও চে
* সুদূৰ ভৱিষ্যত বৰ্তমানৰ নিৰ্ণয় লোৱাৰ বাবে এক বিভ্ৰান্তিকৰ পথপ্ৰদৰ্শক।
            - জন মেইনাৰ্ড কেইন্স