❂ অসমীয়া সাঁথৰঃ
ঋষিও নহয় কিন্তু বাকলি বসন
সদাশিৱ নহয় কিন্তু তিনিটি নয়ন
উত্তৰ: নাৰিকল
❂ ফকৰা যোজনাঃ
কৃষ্ণই কৰিলে লীলা
আমি কৰিলে ধৰি বান্ধি কিলা
❂ ডাকৰ বচনঃ
ঋণৰ সাক্ষী যদি নাহিকন্ত।
পৰীক্ষণ কৰি তত্ত্ব বুঝিবন্ত॥
❂ মহৎ লোকৰ বাণীঃ
কৃষি প্ৰধান দেশত গাঁৱলীয়া জীৱনৰ সুখ সম্পদৰ বেছিভাগ নিৰ্ভৰ কৰে তিৰোতাৰ ওপৰত।
- নাৰায়ণী সন্দিকৈ