লেছেৰি

এ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “এ”

 ❂ অসমীয়া সাঁথৰঃ
একেডালি মাৰলি দুখনি চাল
নবন্ধাকৈ ৰৈ আছে সৰ্বতি কাল
উত্তৰ: কলপাত

এঠেঙীয়া বগলী
নিতৌ নাচে গধূলি৷
উত্তৰ: বিচনী

এদঁতীয়া হাতী
ধান খায় পাচি পাচি৷
উত্তৰ: ঢেঁকী

এদিন খালেই পেট ভৰে
নিতৌ মানুহে সেৱা কৰে
উত্তৰ: গাৰু

❂ ফকৰা যোজনাঃ
এনেই বুঢ়ী নাচনী
তাতে নাতিনীয়েকৰ বিয়া

এনেই মৰিছোঁ ঋষিৰ শাপত,
তাতে দিছে ধানৰ ভাপত

❂ ডাকৰ বচনঃ
এক মন কৰি সেৱিবা ৰাজ।
তেবেসে সিজিবে সমস্ত কাজ॥

❂ মহৎ লোকৰ বাণীঃ
এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য।
         - মেণ্ডেল ক্ৰিটন

এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একেই কথা৷
             - জন মিল্টন