❂ অসমীয়া সাঁথৰঃ
ঐ ভাই ভোলা
উপজিয়ে কোনে পিন্ধে চোলা
উত্তৰ : বাঁহৰ গজালি
কৈ মৰিল জটায়ু
নকৈ মৰিল কোন
উত্তৰ : জয়মতী
❂ ফকৰা যোজনাঃ
ঐ টেকটেকী কলৈ যাৱ
গালখন পাতি দুচৰ খাৱ
ঐৰাৱতো নিমাখিত হয়
কাণত সোমোৱা পৰুৱাৰ ওচৰত
❂ ডাকৰ বচনঃ
বৈশ্যৰ বাণিজ্য ধন অৰ্জ্জন।
শূদ্ৰৰ স্বধৰ্ম্ম নীতি সেৱন॥
❂ মহৎ লোকৰ বাণীঃ
নৈতিকতা এনে এক মানৱ জীৱনৰ পালনীয় অপৰিহাৰ্য বিষয়, যাৰ অভাৱত মানৱ ইতৰ পৰ্যায়লৈ নামি পৰে।
- শ্ৰীকৃষ্ণকান্ত মহাৰাজ
ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট।
- ৰুছো
ধৈৰ্য্য নেহেৰুৱাবলৈ সাহস লাগে আৰু সাহসী হ’বলৈ ধৈৰ্য্য লাগে৷
- আব্ৰাহাম লিংকন