লেছেৰি

ও - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “ও”

 ❂ অসমীয়া সাঁথৰঃ
ওপৰৰ পৰা পৰিল টেকেলী
তাৰ পেটত এশ ভেকুলী
উত্তৰ: কঁঠাল

ওপৰৰ পৰা পৰিল লাটিম
তাক পালেই টিকা কাটিম
উত্তৰ: তামোল

পোহৰেই পিতৃ যাৰ এন্ধাৰেই যম
ভাবি-চিন্তি কোৱাচোন তেওঁ বাৰু কোন
উত্তৰ: ছাঁ

ওপৰত ছাতি, তলত গুটি
তাকে খায়, আহিন-কাতি।
উত্তৰ: কচু

❂ ফকৰা যোজনাঃ
ওৰণীয়ে বাৰণীয়ে দেখিবলৈ ভাল
ওৰণী গুচালে ওফোন্দা গাল

ওচৰৰ আলহী নকৰে কাণ,
নৰিয়াত পৰিলে আহে কাম

❂ ডাকৰ বচনঃ
ভোজনৰ ৰস ভুঞ্জিয়ো ভোকে।
বাণিজ্যৰ ৰস বেহাই লোকে॥

❂ মহৎ লোকৰ বাণীঃ
কোনো বৈপ্লৱিক সংগ্ৰাম সফল হৈ নুঠে যদিহে তিৰোতা সমাজে তাত অংশগ্ৰহণ নকৰে।
               - লেনিন

কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি৷
            - এইছ. জি. ৱেলছ

কোনো এঠাইৰ অন্যায় সকলো ঠাইৰ ন্যায়ৰ প্ৰতি ভাবুকি৷
          - মাৰ্টিন লুথাৰ কিং