❂ অসমীয়া সাঁথৰঃ
* এঠেঙীয়া বগলী,
নিতৌ নাচে গধুলি
উত্তৰ: বিচনী
* এঙেনাতে বেঙেনা
একেজোপা গছতে মাহ, কপাহ, বেঙেনা
উত্তৰ: শিমলু গছ
❂ ফকৰা যোজনাঃ
* টেঙা আম এবাৰহে বেছিব পাৰি
* ডাঙিব নোৱৰা শিলক পৰি নমস্কাৰ
* টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত,
সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট
* টেঙৰী বাই টেঙৰী বাই,
তাতোকৈ টেঙৰী ভিতৰৰ আই
❂ ডাকৰ বচনঃ
টুলুঙা নাৱৰ ওপৰে ভৰা।
বোলন্ত ডাকে তিনিও মৰা॥
❂ মহৎ লোকৰ বাণীঃ
* টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ'ল আটাইতকৈ ডাঙৰ টেঙৰালি।
- ফৰাচী পটন্তৰ
* ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে।
- উইলিয়াম শ্বেইকছপীয়েৰ
* খঙৰ বশীভূত হৈ কাম কৰি নেপায়। খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।
- কনফুচিয়াছ
* মানুহে যেতিয়া একোৰে প্ৰতি আকাঙ্খা নকৰে,তেতিয়াহে তেওঁ ব্ৰহ্মৰদৰে শুদ্ধ আৰু পৱিত্ৰ হয়।
- হোমেন বৰগোহাঞি