❂ অসমীয়া সাঁথৰঃ
টি টি কৈ টিঞা
কঁকালটো চিঞা
হনুমন্ত ভাই মানুহ খেদি খাই
উত্তৰ: বৰল
❂ ফকৰা যোজনা
গড়গঞা মিতিৰৰ ভাও;
মুখে বোলে থাক থাক,
ভৰিৰে হেঁচুকে নাও
গড়গঞা হাতী,
টিকায়ো নকৰে কাটি
❂ ডাকৰ বচনঃ
জ্ঞানীক ভাত দিয়ে তলমুকৈ খায়।
অজ্ঞানীক ভাত দিলে চাল বাৰ চাই॥
❂ মহৎ লোকৰ বাণীঃ
* সকলো শিল্পৰ সাৰমৰ্ম হ’ল আনক সুখ বিলাই সুখ আহৰণ কৰা।
- ডেল কাৰ্নেগী
* কৰ্মই উপাসনা হাঁহিয়ে জীৱন।
- বিষ্ণু প্ৰসাদ ৰাভা