লেছেৰি

ঢ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী “ঢ”

 ❂ অসমীয়া সাঁথৰঃ
* ঢেপেচী পেটেলী গাই, 
   মুঠেও কাণসাৰ নাই, 
   আনে ছাল টানি খায়৷
উত্তৰ: খেৰৰ মেজি
* ঢাপ চুৱনিত জনম ধৰে
   মাকে পুতেকে একেলগে মৰে
উত্তৰ: কলগছ
* ঢাপে ঢাপে গলোঁ, ঢাপলিকা পালোঁ
   কুটি-বাচি ছমাহলৈ খালোঁ
উত্তৰ: বাঁহ গাজ

❂ ডাকৰ বচনঃ
শৰণ লাগিলে নাসাজিব ঘৰ।
অগ্নিৰ যত ধানত খৰ॥

❂ ফকৰা-যোজনাঃ
ঢোকাতে কল
কলতে ঢোকা

❂ মহৎ লোকৰ বাণীঃ
* শিক্ষাৰ অৰ্থ হ’ল দেশৰ বাবে ব্যক্তিক প্ৰশিক্ষণ দিয়া আৰু জাতিক ভাল পাবলৈ শিকোৱা৷
          - চাণক্য
* মই বাহিৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পাওঁ৷ কিন্তু তাতোকৈ বেছি ভালপাওঁ ভিতৰৰ কল্মষহীন পৰিমাৰ্জনা আৰু দুৰ্নীতি-কলংকহীন চাকচিক্যতা৷
         - অম্বিকাগিৰি ৰায়চৌধুৰী
* বৰলুইতৰ বুকুৱেদি গৈহে আমি সমুদ্ৰত মিলিব পাৰিম৷
            - ৰংবং তেৰাং